ডিজিটেল ডেস্কঃ ইউপিএৰ শাসন কালত তেতিয়াৰ বিৰোধী বিজেপিয়ে সময়ে সময়ে EVM টেম্পাৰিং কৰি কংগ্ৰেছে নিৰ্বাচনত জয়ী হোৱাৰ অভিযোগ উত্থাপন কৰিছিল৷ ২০১৪ চনত শাসনত বহাৰ পিছত এইবাৰ EVM টেম্পাৰিং কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে বিজেপিৰ বিৰুদ্ধে৷ এই অভিযোগ বাৰে বাৰে উত্থাপন হৈ থকাৰ সময়তে কৰ্ণাটক ৰাজ্যিক নিৰ্বাচন আয়োগে এক আচৰিত ঘোষণা কৰে৷
কৰ্ণাটক নিৰ্বাচন আয়োগে EVM টেম্পাৰিং সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা লোকগৰাকীয়ে প্ৰমাণ দাখিল কৰিব লাগিব বুলি কৈ অন্যথাই তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰে৷ প্ৰমাণ দিব নোৱাৰিলে ৬ মাহ পৰ্যন্ত জেলৰ ভাত খাব লগা হ’ব পাৰে৷ কৰ্ণাটক ৰাজ্যিক নিৰ্বাচন আয়োগৰ অধ্যক্ষ সঞ্জীৱ কুমাৰে এই কথা স্পষ্ট কৰে৷