বিটিচিৰ ভংগ কৰাৰ দাবী, জনসাধৰণক ৬ মাৰ্চৰ বন্ধ সফল কৰাৰ...

Home ৰাজ্যবিটিচিৰ ভংগ কৰাৰ দাবী, জনসাধৰণক ৬ মাৰ্চৰ বন্ধ সফল কৰাৰ আহ্বান যৌথ মঞ্চৰ

বিটিচিৰ ভংগ কৰাৰ দাবী, জনসাধৰণক ৬ মাৰ্চৰ বন্ধ সফল কৰাৰ আহ্বান যৌথ মঞ্চৰ

by News Desk
52 views
A+A-
Reset

বঙাইগাঁওঃ বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বিতৰ্কিত কেবিনেট নোটক লৈ ক্ৰমান্বয়ে পৰিস্থিতি অৱনতি ঘটাৰ আশংকা বৃদ্ধি পাইছে। ভূমি অধিকাৰ সম্পৰ্কীয় আৰু সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা বাতিল কৰা সম্পৰ্কীয় কেবিনেট নোট সংবাদমাধ্যম যোগে প্ৰকাশিত হোৱাৰ পিছত বিভিন্ন দল সংগঠনে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত এইবাৰ পাঁচটা সংগঠনৰ যৌথ মঞ্চ United Organisation Co-Ordination Committee-য়ে বিটিচি বাতিলৰ দাবী উত্থাপন কৰিছে। শুকুৰবাৰে বঙাইগাঁৱত অনুষ্ঠিত হোৱা এক সংবাদমেলত United Organisation Co-Ordination Committee-ৰ মুখ্য আহ্বায়ক হিতেশ্বৰ বৰ্মনে বিটিচি বাতিলৰ দাবী উত্থাপন কৰিছে। 

বিটিচি পৰিষদৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি United Organisation Co-Ordination Committee-এ জনগোষ্ঠী বিৰোধী সিদ্ধান্ত, বিটিচিৰ মুখ্য সচিবৰ স্পষ্টীকৰণ, খিলঞ্জীয়া জনগোষ্ঠীৰ সংৰক্ষিত মৰ্যদা কৰ্তন কৰিবলৈ লোৱা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি বিটিএডিত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ সম উন্নয়ন, সম অধিকাৰ নিশ্চিত কৰাৰ স্বাৰ্থত বিটিচি ভংগৰ দাবী উত্থাপন কৰিছে। যোৱা ১২ জানুৱাৰীত আইন সংশোধন কৰি বিটিচি প্ৰশাসনে অতি কৌশলেৰে সংৰক্ষিত জনগোষ্ঠীৰ লগতে বিটিএডিত থকা অইন জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিবলৈ প্ৰচেষ্টা চলাইছিল বুলি উল্লেখ কৰি বিটিচি প্ৰশাসনে যিহেতু বিটিচি চুক্তিৰ নীতি উলংঘা কৰিছে গতিকে বিটিচি ভংগৰ দাবী জনাই United Organisation Co-Ordination Committee-ৰ মুখ্য আহ্বায়ক হিতেশ্বৰ বৰ্মনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0