শ্বিলংঃ মেঘালয়ত কংগ্ৰেছে ৯ খন এনপিপিয়ে ২ আৰু বিজেপি ১ খন আসনত আগবাঢ়ি থকাৰ লগতে কংগ্ৰেছে ১৩ খন, ইউডিপিয়ে ৫ আৰু এনপিপিয়ে ১৫ আসনত জয়ী হয়৷ ইতিমধ্যে এনপিপিয়ে কংগ্ৰেছ বিৰোধি দলক মেঘালয়ত সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে৷ এনপিপিয়ে ১২ খন আসনয় জয়ী হোৱাৰ লগতে ৪ থন আসনত আগবাঢ়ি আছে৷ আনহাতে ম’ফলাং সমষ্টিৰ পৰা জয়ী হোৱা নিৰ্দলীয়া প্ৰাৰ্থী এছ কে চূণে যি দলে জনসাধৰণৰ কল্যাণৰ হকে কাম কৰিব সেই দলক সমৰ্থন কৰাৰ কথা ঘোষণা কৰে৷
আনহাতে, মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাই দুটা সমষ্টিতে বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হয়৷ আমপটি সমষ্টিত ৯০৯৬ ভোটত ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী বকুল হাজঙক হৰুৱাই মুকুল চাংমাই৷ পাহাৰীয়ে ৰাজ্য খনত ৬০টা বিধান সভা সমষ্টি যদিও ৫৯টা বিধান সভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয়৷ ৩৭২ গৰাকী প্ৰৰ্থীৰ শনিবাৰে ভাগ্য নিৰ্ণয় হ’ব৷ কংগ্ৰেছে পূৰ্বে অনুমান কৰা মতেই ফলাফল লাভ কৰিবলৈ সক্ষম বুলি চৰ্চা আৰম্ভ হৈছে৷ যোৱা দুটা কাৰ্যকাল মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ অহা মুকুল চাংমাক এনপিপিয়ে প্ৰত্যাহ্বান জনালে যদিও বিজেপিয়ে প্ৰত্যাহ্বান জনাব নোৱাৰিলে৷