88
গুৱাহাটীঃ বহু প্ৰত্যাশিত উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ভোটগণনা শনিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে। পুৱা ৮ বজাৰ পৰা নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে।
ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২গৰাকী আৰু নাগালেণ্ড ১৯৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ল শনিবাৰে। বিজেপিয়ে ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰা আৰু নাগালেণ্ডত৷ তাৰ লগে লগে বিজেপিৰ নেতা-কৰ্মীয়ে প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰিছে৷