102
গুৱাহাটীঃ যোৱা ৪ জানুৱাৰীত মেঘালয়ৰ ৰাজধানী শ্বীলংৰ প’ল গ্ৰাউণ্ডত অনুষ্ঠিত হৈছিল এখন ৰাজহুৱা বিশাল সভা৷ হাজাৰ হাজাৰ লোকৰ সন্মুখত এজন যুৱকে উদাত্ত কন্ঠে ভাষণ প্ৰদান কৰিছিল৷ তেওঁ কৈছিল এই খন চৰকাৰ ওফৰাই হে মই ক্ষান্ত হম৷ সেই দিনটোতে ৫ জনকৈ শাসকীয় কংগ্ৰেছ দলৰ আৰু আন দলৰ পৰা তিনিজন বিধায়কে সহ ৮ গৰাকী বিধায়ক যুৱকজনৰ নেতৃত্বত তেওৰ দলত যোগদান কৰে৷ নাম তেওৰ কনৰাড চাংমা৷ নকৈ গঠন হোৱা এনপিপিত যোগদান কৰে বিধায়কসকলে৷