কোকৰাঝাৰঃ বিটিচিৰ ভূমি নীতি আৰু সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা প্ৰত্যাহাৰ কৰাৰ কেন্দ্ৰ কৰি বিটিএডিত অগ্নিগৰ্ভা পৰিস্থিতি সৃষ্টি হোৱাৰ দিশে আগবঢ়াৰ সময়তে বুধবাৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ত সদৌ অসম নেপালী সাহিত্য সভা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ গোৰ্খা সন্মিলনী আৰু বিটিচি গোৰ্খা ছাত্ৰ সন্থাৰ সৈতে এক বৈঠকত অনুষ্ঠিত কৰে বিটিচি সচিবালয়ত৷ বৈঠকত কেবিনেট পৰিষদৰ সভাত লোৱা খছৰা প্ৰস্তাৱ ভুল আছিল বুলি মন্তব্য প্ৰকাশ কৰে হাগ্ৰামাই।
