ওদালগুৰিঃ বুধবাৰে ওদালগুৰিত আয়কৰ বিভাগে এগৰাকী জলসিঞ্চন বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ ঘৰত অতৰ্কিতে অভিযান চলায়। ওদালগুৰিৰ বিশিষ্ট ব্যৱসায় তথা জলসিঞ্চন বিভাগৰ বহু কোটি টকীয়া আচনিৰ কাম কৰি থকা অশোক বাজাজৰ ওদালগুৰিস্থিত বাসগৃহত অভিযান চলাই আয়কৰ বিভাগে।
দিনৰ ১১ বজাৰ পৰা বাতৰি লিখা পৰলৈ চলি থকা এই অভিযানত কি নথি উদ্ধাৰ হৈছে সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই। উল্লেখ্য যে, অভিযানকালত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। কৰ্তব্যৰত আৰক্ষীয়ে আয়কৰ বিভাগে অভিযান চলোৱা বুলি স্পষ্ট কৰে।