ডিজিটেল ডেস্কঃ দেশৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী ৰূপে পৰিচিত মাণিক সৰকাৰৰ থাকিবৰ বাবে নিজা ঘৰ এটা নাই৷ দৰমহাৰ টকা দলৰ কোষত দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া কত থাকিব তাক লৈ আৰম্ভ বৈছে চৰ্চা৷ পৈতৃক সম্পত্তি নিজ ভগ্নীক দান দিয়া মুখ্যমন্ত্ৰীগৰাকী দেশৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী ৰূপে পৰিগণিত হৈছিল৷
দেশৰ মন্ত্ৰী-আমোলা-বিষয়াই সম্পত্তিৰ পাহাৰ গঢ়াৰ স্বাৰ্থত দুৰ্নীতিত লিপ্ত হৈ কোৰোনাৰে ধন ঘটাত ব্যস্ত হৈ পৰে তেনে সময়ত মাণিক সৰকাৰৰ দৰে মুখ্যমন্ত্ৰীৰ থাকিবলৈ আজিও এটা ঘৰ নাই বুলি কলে বঢ়াই কোৱা নহ’ব৷ চৰকাৰত থকা কালত চৰকাৰী আৱাসত আছিল যদিও বৰ্তমান তেওঁ দলৰ কাৰ্যালয়ত থাকিব বুলি জানিব পৰা গৈছে৷