ডিজিটেল ডেস্কঃ ইটালীৰ আইতাৰ খবৰ লৈ আহি এইবাৰ ৩ দিনৰ ছিংগাপুৰ আৰু মালেছিয়া ভ্ৰমণলৈ গৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে৷ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী ছিংগাপুৰ ভ্ৰমণ কালত উদ্যোগপতি, ছাত্ৰ-ছাত্ৰীৰ সৈতে বিশেষ অনুষ্ঠানত মিলিত হয়৷ জানিব পৰা মতে, ৰাহুল গান্ধীয়ে ছিংগাপুৰৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় অনুষ্ঠনত অংশ লয়৷
নেছনেল ইউনিৰ্ভাছিটি অৱ ছিংগাপুৰত স্কুল অৱ পাব্লিক পলিছি সন্দৰ্ভত ছাত্ৰক সম্বোধন কৰে৷ ইয়াৰ পূৰ্বে দেশৰ আৰ্থিক অৱস্থা, চাকৰী আৰু বিনিয়োগ সন্দৰ্ভত মত ব্যক্ত কৰে৷ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী নজীৱ ৰাজাকো সাক্ষাৎ কৰিব ৰাহুলে৷ ছিংগাপুৰৰ আইএনএ মেমৰিয়ালস্থিত নেতাজী সুভাষ চন্দৰ বসুৰ মূৰ্তিত মাল্যৰ্পন কৰে৷ ৰাহুলে ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰি চৰকাৰক কৰা সমালোচনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷