Home ৰাজ্যঅবড়ো নাম থকা সংগঠনৰ সৈতে নকৰো আলোচনা, ভূমিৰ ক্ষেত্ৰত সৃষ্টি হোৱা ভুল বুজাবুজি আঁতৰ হৈছেঃহাগ্ৰামা

অবড়ো নাম থকা সংগঠনৰ সৈতে নকৰো আলোচনা, ভূমিৰ ক্ষেত্ৰত সৃষ্টি হোৱা ভুল বুজাবুজি আঁতৰ হৈছেঃহাগ্ৰামা

by News Desk
54 views
A+A-
Reset

কোকৰাঝাৰঃ বিটিচিৰ ভূমি নীতি আৰু সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা সন্দৰ্ভত বিটিচিয়ে খছৰা প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছতেই উদ্ভৱ হোৱা অগ্নিগৰ্ভ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। বিশেষকৈ বৃহস্পতিবাৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ত সদৌ অসম নেপালী সাহিত্য সভা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ গোৰ্খা সন্মিলনী আৰু বিটিচি গোৰ্খা ছাত্ৰ সন্থাৰ সতে এক বৈঠকত মিলিত হৈ বিটিচি কেবিনেট পৰিষদৰ সভাত লোৱা খছৰা প্ৰস্তাৱ ভুল আছিল বুলি মন্তব্য প্ৰকাশ কৰাৰ পিছতেই পৰিস্থিতিয়ে স্বাভাৱিক দিশত গতি কৰিছে৷

দল-সংগঠনসমূহে হিংসাৰ সলনি শান্তি কামনা কৰিছে। পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক কৰাৰ প্ৰচেষ্টা আৰু ভুল বুজাবুজি আঁতৰ কৰাৰ স্বাৰ্থত পুনৰাই হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ত সদৌ অসম বেংগলী যুৱ-ছাত্ৰ পৰিষদ, এবিএমছু, আদিৱাসী জাতীয় মহাসভা আৰু আছাৰ সতে মিলিত হয়। বিভিন্ন দল-সংগঠনৰ কেন্দ্ৰীয় নেতৃবৰ্গই বিটিচিয়ে স্পষ্টীকৰণ কৰাত সন্তোষ প্ৰকাশ কৰি কোনো জাতি জনগোষ্ঠীয়ে অধিকাৰৰ পৰা বঞ্চিত হলে আন্দোলন গঢ়ি উঠাটো স্বাভাৱিক বুলি মন্তব্য কৰি আন্দোলন হিংসাত্মক হোৱাৰ বিৰোধিতা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0