আগৰতলাঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ললে বিপ্লৱ কুমাৰ দেৱে। সমগ্ৰ দেশৰ সংবাদ মাধ্যমত এতিয়া বিপ্লৱ কুমাৰ দেৱৰ চৰ্চা৷ ত্ৰিপুৰাৰ ২৫ বছৰীয়া বামপন্থীৰ ৰাজত্বক তচনচ কৰা বিপ্লৱ কুমাৰ দেৱ কোন?তাকে লৈ ব্যাপক চৰ্চা অব্যাহত আছে৷
ত্ৰিপুৰাত বিজেপি দলৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুকুৰবাৰে শপত লয় বিপ্লৱ কুমাৰ দেৱে৷ উত্তৰ-পূবাঞ্চলৰ সৰ্বহাৰাৰ নেতা ৰূপে জনাজাত মাণিক সৰকাৰৰ ২৫ বছৰীয়া দুৰ্গক ধ্বংস কৰি ত্ৰিপুৰাত গেৰুৱা দলৰ পতাকা উৰুৱাই বিপ্লৱে৷ বিজেপি-আইপিএফটি মিত্ৰজোঁটে বিগত সপ্তাহত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত চিপিআইএমক পৰাভূত কৰি আধিপত্য বিস্তাৰ কৰে