আগৰতলাঃ ,শুকুৰবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ললে বিপ্লৱ কুমাৰ দেৱে৷ ত্ৰিপুৰাৰ ২৫ বছৰীয়া বামপন্থীৰ ৰাজত্বক তচনচ কৰা বিপ্লৱ কুমাৰ দেৱক ৰাজ্যপাল তথাগত ৰয়ে শপত বাক্য পাঠ কৰোৱায়৷ ৰাজ্যখনৰ ৰাজধানী আগৰতলাৰ ৰাইফলছ মৈদানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত বিপ্লৱ কুমাৰ দেৱক ৰাজ্যপালে গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়৷
আনহাতে বিজেপিৰ নেতা জিষ্ণু দেৱ বৰ্মানে উপ-মুখ্যমন্ত্ৰী ৰূপে শপত লয়৷ বিজেপি-আইপিএফটি মিত্ৰজোঁটে বিগত সপ্তাহত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত চিপিআইএমক পৰাভূত কৰি আধিপত্য বিস্তাৰ কৰিছিল৷ উত্তৰ-পূবাঞ্চলৰ সৰ্বহাৰাৰ নেতা ৰূপে জনাজাত মাণিক সৰকাৰৰ ২৫ বছৰীয়া দুৰ্গক ধ্বংস কৰি ত্ৰিপুৰাত গেৰুৱা দলৰ পতাকা উৰুৱাই বিজেপিয়ে ইতিহাস ৰচনা কৰে৷