ডিজিটেল ডেস্কঃ ৰ’দ, বৰষুণ, বতাহ নেওচি ১৮০ কিলোমিটাৰ বাটকুৰি বাই নাছিকৰ পৰা দেওবাৰে মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক প্ৰাণকেন্দ্ৰ মুম্বাইত প্ৰৱেশ কৰিছে প্ৰায় ৩৫ হাজাৰ কৃষকৰ প্ৰতিবাদী মিছিল। বিগত দশকত খৰাং, কৃষিকাৰ্যত ব্যৱহৃত সা-সামগ্ৰীৰ জুই-ছাঁই দাম, মাটিৰ উৰ্বৰতা ক্ৰমশ হ্ৰাস পোৱা আদিকে ধৰি এশ-এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত মহাৰাষ্ট্ৰৰ কৃষকৰ ক্ষোভেই কৃষক আৰু কৃষিকৰ্মত জড়িত শ্ৰমিকসকলক মুম্বাইলৈ পদব্ৰজে আহি প্ৰতিবাদ কৰিবলৈ বাধ্য কৰোৱা বুলি ভৰিত পানীজোলা ফুটা কৃষক-শ্ৰমিকে ভাষ্য দিছে।
উৎপাদন হ্ৰাস পোৱা আৰু উৎপাদিত শস্যৰ উচিত মূল্য নোপোৱাৰ ফলত মহাৰাষ্ট্ৰকে ধৰি বিভিন্ন ৰাজ্যত কৃষকে বেংক আৰু সুতখোৰৰ ঋণৰ বোজাত ডুব গৈ থকাৰ সময়তে চৰকাৰৰ ভূমিকাক লৈ নিৰাশ কৃষকে এনেদৰে নায্যপ্ৰাপ্তিৰ দাবীত সমবেত হৈছে। মহাৰাষ্ট্ৰৰ বাজেট অধিবেশন চলি থকাৰ মাজতে সোমবাৰে বিধান ভৱন ঘেৰাও কৰি বিজেপিশাসিত ৰাজ্য চৰকাৰখনক কৃষকৰ বিভিন্ন দাবীসমূহ পুৰণ কৰাৰ বাবে ধৰ্ণা দিব কৃষক-শ্ৰমিকে।