গুৱাহাটীঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰূদ্ধে নিজ দলৰে সতীৰ্থ অনিল ৰাজাই গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰকিবুলৰ পৰ্বত সম সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল৷ ইমানে নহয় ৰকিবুলৰ সম্পত্তি ক’ত ক’ত আছে তালিকা সহ ৰাজহুৱা কৰিছিল৷
মন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ জৰিয়তে সম্পত্তিৰ পাহাৰ গঢ়া বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু গৰিয়া মৰিয়া পৰিষদে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।