কামপুৰঃ নগাঁও জিলাৰ ব্যস্ত ৰাজ পথত পথ দুৰ্ঘটনা সংঘটিত হৈ ২গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২ গৰাকী লোকৰ গুৰুতৰ ভাৱে আহত হয়৷ কামপুৰৰ সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত জীৱন সম্পত্তিৰ ক্ষতি হোৱাত চিন্তিত হৈ পৰিছে যাতায়াতকাৰী৷ কামপুৰ-ৰহা পথৰ বাৰেগোগাত দ্ৰুতবেগী বাইক আৰু স্কুটাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে দুজনকৈ লোক নিহত হোৱাৰ লগতে দুজন গুৰুতৰ ভাবে আহত হয়।
নিহত লোক দুজন কামপুৰ বাৰেগোগাৰ ধৰ্মেন্দ্ৰ লস্কৰ আৰু আনজন নগাঁৱৰ বৰভেটিৰ দীপাংকৰ বৰদলৈ বুলি জানিব পৰা গৈছে৷ এখন স্কুটাৰত তিনিগৰাকী লোকে উঠি ৰাজ পথেৰে আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়৷ আহত দুজন স্থানীয় বিতু লস্কৰ আৰু সঞ্জীৱ লস্কৰ বুলি জানিব পৰা গৈছে। আহত দুজনক সংকটজনক অৱস্থাত স্থানীয় লোকৰ সহযোগত ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।