ডিজিটেল ডেস্কঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে অখিলেশ যাদৱে এইবাৰ লালু যাদৱৰ সৈতে মিত্ৰতা গঢ়িব বিচাৰিছে৷ এই বিষয়ত লালু-তেজস্বী যাদৱৰ সৈতে আলোচনা কৰিবলৈ সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱে ৰাঁচিলৈ প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰে অতি ঘনিষ্ঠ কিৰণময় নন্দাক৷
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু ফুলপুৰৰ উপ-নিৰ্বাচনত সমাজবাদী পাৰ্টিয়ে বিজেপিক ধৰাশায়ী কৰাৰ পাছত ২০১৯ চনৰ লোকসভা নিৰ্বাচনতো বিজেপিক ৰুধিবৰ বাবেই অখিলেশ যাদৱে বিৰোধী দলসমূহৰ সৈতে মিত্ৰতা কৰিছে৷ জানিব পৰা মতে, ২৪ মাৰ্চত সমাজবাদী পাৰ্টিৰ উপাধ্যক্ষ কিৰণময় নন্দাই লালু প্ৰসাদ যাদৱৰ সৈতে বৈঠকত মিলিত হ’ব৷