মঙলদৈঃ এইবাৰ বড়োলেণ্ড আন্দোলনৰ নেতৃত্ব আৰু কোচ ৰাজ পৰিয়ালৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ৷ কিছুদিন পূৰ্বে বিটিএডিত অবড়োৰ অধিকাৰ খৰ্ব কৰাৰ লগতে চৰকাৰে হড়ো আন্দোলনত সেনা-আৰক্ষীৰ হাতত নিহত হোৱা লোকসকলক শ্বহীদ আখ্যা দি ৫ লাখ টকাকৈ দিয়াৰ ঘোষণা কৰা কাৰ্যক তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল কোচ ৰাজ পৰিয়ালে৷
এইবাৰ বড়োসকলক তিব্বতৰ বাসিন্দাহে বুলি কয় কোচ ৰ’য়েল ফেমিলিজ’ চমুকৈ কনকৰ্ফে। তিব্বতৰ পৰা ভূটানলৈ আৰু পৰা কোচ ৰাজ্য আৰু ভূটান সীমান্তৰ দুৱাৰ অঞ্চলত বসতি কৰিবলৈ লোৱা বড়োসকলে ১৮৪০ চন মানৰ পৰাহে অসমৰ সমাজ-সংস্কৃতিৰ সৈতে পৰিচিত হয়।