ডিজিটেল ডেস্কঃ গো-ৰক্ষাৰ নামত এগৰাকী লোকক বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰা ঘটনাৰ সৈতে জৰিত বিজেপি নেতাসহ ১১গৰাকী লোকক ঝাৰখাণ্ডৰ এখন বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে। বুধবাৰে এই ৰায় ঘোষণা কৰে ঝাৰখাণ্ডৰ এখন বিশেষ আদালতে।
দোষী সাব্যস্ত হোৱা লোকসকলে নিজকে গো-ৰক্ষক বুলি দাবী কৰি আজগৰ নামৰ লোক এজনক ৰাজহুৱা স্থানত হত্যা কৰিছিল। নৃশংস ভাৱে মাৰধৰ কৰি গো-মাংস কঢ়িয়াই নিয়াৰ অভিযোগত এখন মাৰুতি ভান জ্বলাই দিছিল৷ গো-ৰক্ষাৰ বিৰুদ্ধে শাস্তি প্ৰদান কৰা দেশত প্ৰথমটো প্ৰথমটো ঘটনা৷ ভাৰতীয় দণ্ড বিধিৰ ৩০২ ধাৰাত গোচৰ চলিছিল ১১গৰাকী লোকৰ বিৰুদ্ধে৷