59
চাবুৱাঃ সাংবাদিকসকলো তেজ মঙহৰ মানুহ৷ সময়ে সময়ে সাংবাদিকসকলৰ বিৰুদ্ধে বিপদত পৰা মানুহক সহায় নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও এই অভিযোগক মিছা বুলি প্ৰতিপন্ন কৰে ৰাজ্যৰ এগৰাকী সাংবাদিকে৷
ডিব্ৰুগড় জিলাৰ এগৰাকী যুৱ সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ বাতৰি সংগ্ৰহক গুৰুত্ব প্ৰদান নকৰি মানৱ ধৰ্ম পালন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ নিউজ চেনেলত ফোন কৰি ব্ৰেকিং দিব এৰি কেমেৰা-কলম থৈ সাংবাদিকগৰাকীয়ে মানৱ ধৰ্ম পালন কৰে৷