নামতিঃ শিৱসাগৰ জিলাৰ ১০৩নং আমগুৰি বিধান সভা সমষ্টিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই৷ মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত সমষ্টিটোত কি কাম কৰিলে সেই কথা ৰাজহুৱা কৰে বিধায়ক প্ৰদীপ হাজৰিকাই৷
মঙলবাৰে আমগুৰিস্থিত পৰিদর্শন বঙলাত এখন সংবাদ মেল অনুষ্ঠিত কৰি গড়কাপ্তানী, শিক্ষা, স্বাস্থ্য আদি দিশত কিমান খৰছ কৰিলে সেই কথা ৰাজহুৱা কৰাৰ লগতে ৰূপায়ন কৰা কাৰ্যসূচী সমূহ ৰাজহুৱা কৰে৷ সমষ্টিটোৰ বহু আকাংক্ষাৰ তাপ বিদ্যুৎ প্ৰকল্পৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰাৰ লগতে আমগুৰি ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰা কথা ব্যক্ত কৰে।