জাগুনঃ মন্ত্ৰী-বিধায়ক, আমোলাৰ সন্তানে পঢ়া বিদ্যালয়ৰ বিপৰীতে অসমৰ গ্ৰাম্য এলেকাৰ একাংশ বিদ্যালয় প্ৰত্যক্ষ কৰিলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বৃদ্ধি হয় ৰাইজৰ৷ নিৰ্বাচনৰ সময়ত দিয়া ভাষণবোৰ শুনিলে আৰু বিদ্যালয় সমূহৰ পৰিৱেশ প্ৰত্যক্ষ কৰিলে মন্ত্ৰী বিধায়কৰ প্ৰতি মানুহৰ ঘৃণা জন্মা হৈছে৷
মন্ত্ৰী-বিধায়ক, আমোলাৰ সন্তানে শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ বিদ্যালয়ত পাঠদান কৰাৰ লগতে শীত-তাপ নিয়ন্ত্ৰিত গাড়ীত অনা নিয়া কৰে৷ কিন্তু সেইসকল লোকে পৰিচালনা কৰা প্ৰশাসনৰ অধিনৰ একাংশ বিদ্যালয় প্ৰত্যক্ষ কৰিলে মন্ত্ৰী-বিধায়ক, আমোলাক অন্তৰ নোহোৱা মানুহ যেন লাগে৷