খেৰণিঃ ৰাজ্যৰ আন আন প্ৰান্তৰ শিক্ষিত যুৱক-যুৱতীয়ে শিক্ষকৰ চাকৰি লাভ কৰে যদিও এখন জনগোষ্ঠীয় জিলাৰ শিক্ষিত যুৱক-যুৱতীয়ে শিক্ষকৰ চাকৰিৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে৷ জিলা খনৰ শিক্ষিত যুৱক-যুৱতীয়ে শিক্ষকৰ চাকৰিৰ বাবে যোগ্য হৈয়ো চাকৰিত নিযুক্তি নোপোৱাত মূৰে কপালে হাত দিব লগা হৈছে৷
ৰাজ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ শিক্ষিত যুৱকক বৈষম্য কৰাৰ অভিযোগ উত্থাপন হৈছে ৰাজ্য চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ বিৰুদ্ধে৷ শ শ টেট শিক্ষকক ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত নিযুক্তি দি আহিছে যদিও শিক্ষা মন্ত্ৰী, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অধীনৰ জনজাতীয় লোকসকলক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷