ডিমৌঃ দিশহাৰা এগৰাকী কিশোৰী ৷ দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকীয়ে পৃথিৱীত চকু মেলিয়েই দেখিছিল এটি ভগা পঁজা আৰু দৰিদ্ৰ পিতৃ-মাতৃৰ হাড় ভগা সংগ্ৰাম ৷ পিতৃ-মাতৃয়ে এসাঁজ ভাতৰ বাবেই দিনৰ দিনটো পৰিশ্ৰম কৰি কপালৰ ঘাম মাটিত পেলাই জীৱন সংগ্ৰাম কৰা তাই প্ৰত্যক্ষ কৰিছিল৷
দৰিদ্ৰ পিতৃ-মাতৃহালে আন দহগৰাকী পিতৃ-মাতৃৰ দৰেই তেওঁলোকৰ কন্যাসন্তানটিকো পঢ়াই-শুনাই ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল৷ বিধিৰ কি বিপাক, দুৰ্ভগীয়া কিশোৰীগৰাকীক এৰি এই পৃথিৱীৰ পৰা মেলানি মাগিলে পিতৃ-মাতৃয়ে৷ ১০ বছৰীয়া দিশহাৰা কিশোৰীগৰাকীয়ে দুখীয়া পিতৃ-মাতৃৰ সপোন বাস্তৱত ৰূপায়ণ কৰিব বিচাৰে৷ দুৰ্ভগীয়া কিশোৰীগৰাকী যমুনা তাঁতী৷ যমুনা তাঁতীয়ে পঢ়ি-শুনি ডাঙৰ মানুহ হ’ব বিচাৰে৷