ওদালগুৰিঃ শুকুৰবাৰে ওদালগুৰি জিলাৰ হৰিশিঙাৰ মিনি ষ্টেডিয়ামত বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি অনুষ্ঠিত দলটোৰ স্থিতি তথা কৌশল সম্বন্ধে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে। সভাত বিটিএডিৰ বিভিন্ন প্ৰান্তৰ বিপিএফৰ নেতা-কৰ্মী উপস্থিত থাকে৷
বিপিএফ নেতা তথা সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ২০০৩ চনৰ পিছত বিটিচি চৰকাৰখনে যিমানখিনি জাতি-জনগোষ্ঠীৰ লোকক নিযুক্তি দিছে সিমানখিনি নিযুক্তি অসম চৰকাৰেও দিব পৰা নাই বুলি কয়। সভাৰ অন্তত সাংবাদিকক সম্বোধন কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিপিএফ দলৰ স্থিতি সম্পৰ্কে আলোচনা কৰা হৈছে বুলি কয়।