ডিগবৈঃ ডিগবৈত অইলৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰ ফলাৰ অভিযোগ উত্থাপন কৰি অইলৰ বিষয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৱে ডিগবৈত এটা কাৰ্যালয় আৰু ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চাইকেল আস্থান নিৰ্মাণ কৰিছিল বুলি জানিব পৰা যায়।
কিন্তু শুকুৰবাৰে অৰ্মত্য দেৱ নামৰ এজন অনা অসমীয়া বিষয়াই সংগঠনটোৰ বেনাৰ ভৰিৰে গচকি ফালি পেলোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে সাজু কৰাৰ চাইকেল ৰখা ঠাই ডোখোৰ অনিষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে৷ যাৰ ফলত ক্ষোভিত হৈ পৰা সংগঠনটোৰ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷