ডিজিটেল ডেক্সঃ বিশ্বাস ভংগৰ অভিযোগ তুলি চন্দ্ৰবাবু নাইডুৰ টিডিপিৰ পাছত এইবাৰ এনডিএৰ পৰা আঁতৰি আহিল পশ্চিমবংগৰ গোৰ্খা জনমুক্তি মৰ্চা৷ পৃথক গোৰ্খালেণ্ড গঠন কৰাৰ টুপ দি বিজেপিয়ে আঞ্চলিক দলটোক এন ডি এৰ অন্তৰ্ভুক্ত কৰি এতিয়া পৃষ্টভংগ দিয়াত অৱশেষত মোহভংগ হয় গোৰ্খা জনমুক্তি মৰ্চাৰ৷
দলৰ সাংগঠনিক মুৰব্বী এল এম লামাই শনিবাৰে এই কথা ঘোষণা কৰে৷ পশ্চিমবংগৰ বিজেপি প্ৰধান দিলীপ ঘোষে শেহতীয়াকৈ আঞ্চলিক দলটোৰ লগত বিজেপিৰ নিৰ্বাচনী মিত্ৰতাৰ বাদে আন কোনো বুজাবুজি নাই বুলি ঘোষণা কৰিছিল৷