নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ধৰ্ষণ কাণ্ডক লৈ উত্তাল হৈ পৰিছে ৰাজ্য। বিভিন্ন দল-সংগঠনে জঘন্য কাণ্ডৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শনিবাৰে নগাঁৱত জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। ধৰ্ষণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি ধৰ্ষণকাৰী হুঁচিয়াৰ, ধৰ্ষণকাৰীক উপযুক্ত শাস্তি প্ৰদান কৰক, মূল অভিযুক্তক কৰায়ত্ত কৰক আদি শ্ল’গান প্ৰদান কৰি পৰিবেশ উত্তাল কৰি তোলে।
নগাঁও জিলাৰ বটদ্ৰৱাৰ অন্তৰ্গত ধনীয়াভেটীৰ লালুং গাঁৱৰ ৩ জনকৈ নৰপিশাচৰ কামনাৰ বলী হৈ চিকিৎসালয়ৰ বিচনাত চটফটাই অৱশেষত মৃত্যু হোৱা ঘটনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে নগাঁও-বটদ্ৰৱাত৷ লালুগাঁও প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ১৩ বছৰীয়া ছাত্ৰীগৰাকীক শুকুৰবাৰে দিনদুপৰতে দলৱদ্ধ ধৰ্ষণ কৰাৰ অন্তত নিৰ্দয়ভাবে দেহত কেৰাচিন তেল ঢালি জ্বলাই দিছিল৷