83
নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ এখন ভিতৰুৱা গাঁও ৰূপতলী। নামটোৰ দৰেই ৰূপোৱালী এই গাঁওখন। মুখ্যমন্ত্ৰী শৰত চন্দ্ৰ সিংহৰ দিনতে আদৰ্শ গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত এই গাঁওখন পিছে সেই স্বীকৃতিতেই ক্ষান্ত থাকিল।
এই পৰ্যন্ত কোনো চৰকাৰী আঁচনিৰ প্ৰভাৱ নপৰিল গাঁওখনত। তথাপি প্ৰায় ৬০ ঘৰতকৈ অধিক মানুহেৰে পূৰ্ণ গাঁওখনৰ প্ৰত্যেকজন লোক ব্যস্ত নিজৰ নিজৰ কৰ্মত। প্ৰত্যেকঘৰ মানুহৰে আছে বিঘা বিঘা কেৰেলা খেতিৰ লগতে মীনপালনৰ বৃহৎ পুখুৰী।