ডিব্ৰুগড়ঃ উত্তৰ আৰু দক্ষিণ পৰীয়া ৰাইজৰ সংযোগৰ সাঁকো স্বৰূপ হৈ পৰিব বগীবিল দলং৷ দীৰ্ঘদিনীয়া সপোন মাথো চাৰি মাহৰ ভিতৰতে বাস্তৱ হোৱাৰ দিশে আগবঢ়িছে বুলি ব্যাপক চৰ্চা আৰম্ভ হলেও যোৱা চাৰিদিনে বন্ধ হৈছে নিৰ্মাণ কাৰ্য৷ ইয়াৰ কাৰণ হ’ল বিজেপিৰ একাংশ নেতা৷
শাসকীয় দলটোৰ একাংশ নেতাই শ্ৰমিক-অভিযন্তাক দিয়া ভাবুকিৰ ফলত বন্ধ হৈ আছে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য। যাৰ ফলত শ্ৰমিক-অভিযন্তাই দিয়া এজাহাৰৰ ভিত্তিত ২৩মাৰ্চত বিজেপিৰ ৱাৰ্ড সদস্য দ্বীপেন নেওগ, মিন্তু চুতীয়া, ৰতন ছেত্ৰী আৰু চন্দন ৰাউতক আটক কৰিছিল ডিব্ৰুগড় বৰবৰুৱা আৰক্ষীয়ে।