ৰঙিয়াঃ বিটিএডিৰ অবড়ো লোকসকলৰ বাবে সংগ্ৰাম কৰি অহা অবড়ো সুৰক্ষা সমিতিয়ে দেওবাৰে বিটিএডিৰ বাক্সা জিলাৰ কাউৰবাহাত এখন বিশাল গণ সমাবেশৰ আয়োজন কৰে৷
দেওবাৰে পুৱাৰে পৰা বিটিএডিৰ বিভিন্ন প্ৰান্তৰ পৰা কাউৰবাহাত সমবেত হোৱা কেইবা সহস্ৰাধিক লোকৰ সন্মখত ভাষণ প্ৰদান কৰি অবড়ো সুৰক্ষা সমিতি সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাই বিটিচি চুক্তিক তথাকথিত আখ্যা দিয়ে৷ ইমানে নহয় বিটিচি চুক্তিৰ জৰিয়তে বিটিএডিৰ সকলো জাতি-জনগোষ্ঠীক সম অধিকাৰ আৰু সম উন্নয়ন সুনিশ্চিত কৰা হ’ব বুলি যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া আজি সুদূৰপৰাহত বুলি কয় কলিতাই৷