নগাঁওঃ অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত৷ ৰাজ্য জুৰি তীব্ৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ বটদ্ৰৱাৰ লালুং গাঁৱৰ ১৩ বছৰীয়া কিশোৰাক ধৰ্ষণ কৰি জ্বলাই হত্যা কৰা জাকিৰ হুছেইন আৰক্ষীৰ জালত পৰে৷ ১৩ বছৰীয়া কিশোৰীক প্ৰথমে ধৰ্ষণ তাৰ পিছত জ্বলাই দিছিল জাকিৰ আৰু দুই বন্ধুৱে৷
নগাওঁ জিলাৰ ইটাপাৰা লাওগাঁৱৰ পৰা ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইনক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ অনুসৰি, লম্পট জাকিৰে বন্ধুৰ সৈতে মোবাইলত যোগযোগ অব্যাহত ৰাখিছিল৷