ডিজিটেল ডেক্সঃ ভাৰতৰ সূৰ্য উঠা দেশ অৰুণাচল প্ৰদেশ এতিয়াও অবাধ বিদেশী পৰ্যটকৰ বাবে মুক্ত নহয়। স্পৰ্শকাতৰ অঞ্চল হিচাপে গন্য কৰা অৰুণাচললৈ বিদেশী পৰ্যটকক আকৰ্ষণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
ৰাজ্যখনত ভ্ৰমণৰ বাবে পূৰ্বে দুবছৰৰ ইনাৰ লাইন পাৰ্মিট প্ৰদান কৰা হৈছিল যদিও এই ম্যাদ এতিয়া ৫ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ দিছে কেন্দ্ৰীয় পৰ্যটন দপ্তৰে। এই ক্ষেত্ৰত আন্তঃমন্ত্ৰী পৰিষদীয় সমন্বয়ৰক্ষী সমিতিৰ প্ৰস্তাৱ কেন্দ্ৰীয় গৃহ বিভাগৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী কে জে আলফন্সে।