হাইলাকান্দিঃ অসমৰ ভূমি মিজো লোকে দখল কৰি অহাত দীৰ্ঘদিন ধৰি অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত আছে৷ তাৰ মাজতে যোৱা ২৭ ফেব্ৰুৱাৰীত পুনৰ মিজো লোকে দিনৰ পোহৰতে মুকলিকৈ ওলাই আহি অসমৰ ভূমিত ভিৰ কৰি বাঁহ-কাঠ টিন লৈ অসমৰ প্ৰশাসন আৰু বন বিভাগৰ সন্মুখতে ঘৰ বনাইছিল৷
যাৰ ফলত এক সংঘৰ্ষমূলক পৰিস্থিতি সৃষ্টি হোৱাত উত্তজনাই বিৰাজ কৰিছিল৷ সমগ্ৰ হাইলাকান্দি জিলাত উত্তেজনা বিয়পি পৰিছিল। অসমৰ ভূমিত মিজো লোকে দাদাগিৰী কৰি এটি গৃহ নিৰ্মাণ কৰিব অহাৰ খবৰে উত্তেজনাৰ সৃষ্টি কৰে সমগ্ৰ অসমৰ অসমতে৷