লংকাঃ যোৱা কালি বোৱাৰী এগৰাকী আহি আছিল৷ তাই আহিব নোৱাৰে৷ বাৰিষা হলে এগৰাকী গৰ্ভৱতীক নিব নোৱাৰে৷ মই নিজে কান্ধত নিছো দুগৰাকী মানুহৰ সৈতে নদী পাৰ কৰি৷ প্ৰথম কথা আমাক ৰাস্তা লাগে৷ এইয়া এখন গাঁৱৰ এগৰাকী মহিলাৰ হৃদয়বিদাৰক আহ্বান৷
বাৰিষা শিক্ষাৰ্থীয়ে স্কুলত যাব নোৱাৰে৷ যদি আমাক পঞ্চায়ত নিৰ্বাচনৰ আগে আগে বনাই নিদিয়ে তেন্তে আমি পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিম৷ আমি ২০১৯ চনৰ লোকসভা নিৰ্বাচন আৰু আগন্তুক সকলো নিৰ্বাচন বৰ্জন কৰিবলৈ সমূহ ৰাইজ একত্ৰিত হৈছো৷ একেখন গাঁৱৰে এগৰাকী পুৰুষৰ আহ্বান এয়া৷