কোকৰাঝাৰঃ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমউন্নয়ন, সমবিকাশৰ সাধনত ব্ৰতী হোৱাৰ লগতে জাতি, ধৰ্ম,বৰ্ণ, ভাষা নিৰ্বিশেষে প্ৰতিটো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতি সাধন কৰাৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে। যাৰ পৰিণতিতে আজি বিটিএডি এলেকাত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভেদৰ সলনি ভাতৃত্ববোধে গা কৰি উঠিছে।
এই মন্তব্য প্ৰকাশ কৰিছে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্মই। কোকৰাঝাৰ সদৰ চহৰৰ ৰবীন্দ্ৰ নগৰৰ ওৱাৰ্ড নম্বৰ তিনিত ৰবীন্দ্ৰ নগৰ উন্নয়ন সমিতিৰ কাৰ্যালয় তথা ৰাজহুৱা ভৱনৰ আধাৰশিলা স্থাপন কৰি বিটিচিৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্মই আৰু কয়, প্ৰতিটো সৰু বৰ সমস্যা সমাধানৰ্থে বিটিচিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে।