গুৱাহাটীঃ ২০১৪ চনৰ ‘শান্তিৰ নোবেল বঁটা’ বিজয়ী মালালা ইউছুফজাই ৬বছৰৰ পিছত পুনৰ উপস্থিত হ’ল পাকিস্তানত৷ ২০১২ চনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈ পাকিস্তান এৰি ইংলেণ্ডত আছিল মালালা৷
মালালা ইউচুফজাই ২০১২ চনত মাত্ৰ ১৪ বছৰ বয়সতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ’বলগীয়া হৈছিল নিজৰ উদাৰবাদী প্ৰয়াসৰ বাবে৷ পাকিস্তানত ধৰ্মীয় মৌলবাদৰ অত্যাচাৰ আৰু সংঘাতপূৰ্ণ পৰিস্থিতিৰ মাজেৰে অহা বিৰল প্ৰতিভাৰ অধিকাৰী মালালাই সন্ত্ৰাসাবাদী অাক্ৰমণত গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় মিডিয়াত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে৷