ডিজিটেল ডেস্কঃ দিল্লীৰ ৰামলীলা ময়দানত বৃহস্পতিবাৰে অসমৰ পৰা যোৱা তিনি সংগঠনৰ কেইবাশতাধিক লোকে সুকীয়া স্বায়ত্ব ৰাজ্যৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ডিমা হাচাও, কাৰ্বি আংলং জিলাক সামৰি সুকীয়া স্বায়ত্ব শাসিত ৰাজ্য গঠন কৰাৰ দাবীত কাৰ্বি ষ্টুডেন্ট এচোছিয়েচন আৰু কাৰ্বি আৰু ডিমা হাচাও ষ্টেট ডিমাণ্ড কমিটিয়ে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰে৷
কেইবা শতাধিক পুৰুষ-মহিলাই ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীত জনগোষ্ঠীৰ বাবে সন্নিবিষ্ট হৈ থকা ২৪৪ (ক) ৰূপায়ণৰ জৰিয়তে এখন স্বায়ত্ত ৰাজ্যৰ দাবী জনায়৷ পাহাৰীয়া জিলা তিনিখনৰ ৰাইজে দীৰ্ঘদিনে পৃথক পৃথক মঞ্চৰ জৰিয়তে আন্দোলন অব্যাহত ৰাখিছে যদিও কেন্দ্ৰ চৰকাৰে ২৪৪ (ক) ৰূপায়ণৰ বাবে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে৷