ডিজিটেল ডেস্কঃ আন্না হাজাৰে বৃহস্পতিবাৰে ভংগ কৰিলে অনিৰ্দিষ্টকালীন অান্দোলন৷ ২৩ মাৰ্চৰ পৰা দিল্লীৰ ৰামলীলা মৈদানত আৰম্ভ কৰা এই আন্দোলন সমাপ্ত কৰিবলৈ মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্ণাবিজ আৰু কৃষি ৰাজ্য মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে আহ্বান জনায়৷
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা আন্না হাজাৰে আন্দোলনৰ প্ৰবক্তা জয়কান্তই জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় চৰকাৰে আন্না হাজাৰে দাবী কৰি অহা লোকপাল বিধেয়ক গৃহীত কৰাৰ বিষয়টোত সন্মতি প্ৰদান কৰে৷ চৰকাৰে লোকপাল বিধেয়ক শীঘ্ৰেই গৃহীত কৰা হ’ব বুলি আন্না হাজাৰেক আশ্বাস প্ৰদান কৰে৷