93
গোৰেশ্বৰঃ উজনিৰ নামনিৰ ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা, দুৰ্গতি, আলৈ-বিলৈ কুলাই-পাচিয়ে নধৰা হৈছে৷ দিনৰ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থাকি জীৱন যৌৱন সকলো শেষ কৰা হাজাৰ হাজাৰ শিক্ষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷
এসাজ ভাত, বস্ত্ৰ, সন্তানৰ পঢ়াৰ খৰছৰ বাবে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিব লগা হৈছে৷ বহু শিক্ষাগুৰুৱে আনৰ গাড়ী চলাব লগা হৈছে, দিন হাজিৰা কৰিব লগা হৈছে৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মাহত্যা কৰিছে৷