ডিজিটেল ডেস্কঃ চিবিএছইৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা সিদ্ধান্তৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ-মন্তৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে। বৃহস্পতিবাৰে অল ইণ্ডিয়া ডেমক্ৰেটিক ষ্টুডেন্ট অৰ্গেনাইচনে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে।
হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ-ছাত্ৰীয়ে। ছাত্ৰ-ছাত্ৰীয়ে কেৱল এখন বা দুখন নহয় আটাইকেইখন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী জনায়। আমাক ন্যায় লাগে শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।