কোকৰাঝাৰঃ চাকৰি নিয়মীয়াকৰণৰ দাবীত অনিৰ্দিষ্টকালিন কৰ্মবিৰতি আৰম্ভ কৰা বডোলেণ্ড পৰিবহন কৰ্মচাৰী সন্থাৰ ধৰ্মঘটে চাৰিদিনত ভৰি দিলে। যোৱা ২৭ মাৰ্চৰ পৰা আৰম্ভ কৰা বডোলেণ্ড পৰিবহন কৰ্মচাৰী সন্থাৰ ধৰ্মঘটে চাৰিদিনত ভৰি দিলে যদিও বিটিচি পৰিবহন বিভাগে সমস্যা সমাধানত কোনো উদ্যোগ নোলোৱাত দুৰণিবটীয়া যাত্ৰীসকলৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
বডোলেণ্ড পৰিবহন কৰ্মচাৰী সন্থা চমুকৈ বিটিএছৰ চালক আৰু পৰিচালক সকলে অভিযোগ কৰা মতে তেওঁলোকে মাহেকত মাত্ৰ চাৰি হাজাৰ টকাৰ বিনিময়ত বছৰ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে যদিও বৰ্তমানৰ পৰিস্থিতিত চাৰি হাজাৰ টকাৰ বিনিময়ত সেৱা আগবঢ়োৱা কাৰ্য অসম্ভৱময় কাৰ্য হৈ পৰিছে।