গুৱাহাটীঃ বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিব নোৱাৰিলে মই পদত্যাগ কৰিম- এটি সাক্ষাৎকাৰত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ এই মন্তব্য। ইমানে নহয় শিক্ষাৰ ক্ষেত্ৰত লৰা-ধেমালি কৰিব নাপায় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় অধ্যক্ষগৰাকীয়ে। কালি খুব ষ্ট্ৰিক আছিলো বুলি কৈ হাঁহি মাৰি কৈ নীতিৰ ক্ষেত্ৰত কোনোপধ্যেই আপোচ নকৰাৰ অংগীকাৰ কৰে অধ্যক্ষগৰাকীয়ে৷
ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ নিউজ চেনেল News Liveক দিয়া এটি সাক্ষাৎকাৰত এই কথা উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয় ‘‘মই সদন খন ডাঙৰ বুলি ভাবো৷ মোৰ নিজৰ বিষয়টো ডাঙৰ কথা নহয়৷ মই বিধানসভাৰ মৰ্যদা ৰক্ষা কৰিব নোৱাৰিলে পদত্যাগ কৰিম৷’’