কাজিৰঙাঃ শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ৰ গণনা সম্পূৰ্ণ হয়৷ শুকুৰবাৰে বন বিভাগে প্ৰকাশ কৰা তথ্য মতে, বৰ্তমান উদ্যান খনৰ গঁড়ৰ সংখ্যা ২৪১৩টা। ২০১৫ চনত গঁড়ৰ তুলনাত গঁড বৃদ্ধি নোহোৱাটো একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে৷ ২০১৫ চনত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা আছিল ২৪০১টা৷
ৰাজ্য চৰকাৰে গঁড় সুৰক্ষা তথা বৃদ্ধিৰ বাবে কোটি কোটি টকা খৰছ কৰি আহিছে যদিও তিনি বছৰত মাথো ১২ গঁড় বৃদ্ধি হোৱাৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে৷ ধাৰাবাহিক গঁড় হত্যাই গঁড়ৰ সংখ্যা কমাইছে নেকি প্ৰশ্ন উত্থাপন হৈছে৷ আন একাংশই উদ্যানৰ ভিতৰত গঁড় থকাৰ পৰিৱেশ ক্ৰমান্বয়ে কমি হোৱাৰ ফলতেই গঁড়ৰ সংখ্যা কমি অহা বুলি কব খোজে৷ ইপিনে স্থানীয় ৰাইজে এই সংখ্যাক লৈ বিভ্ৰান্তি আছে বুলি কৈ গঁড়ৰ সংখ্যা বঢ়াই তথ্য দাখিল কৰে বুলিও কব খোজে৷