ডিজিটেল ডেস্কঃ পুত্ৰৰ কপালত লগা দাগ মচিব নোৱাৰিলেও কাৰোবাৰ বিৰুদ্ধে ক্ষোভিত অষ্ট্ৰলিয়াৰ ক্ৰিকেটাৰ ষ্টিভ স্মিথৰ পিতৃ পিটাৰ স্মিথ৷ বল বিকৃত কৰাৰ অপৰাধত নিজ দল অষ্ট্ৰেলিয়াৰ দলৰ পৰা ১২ মাহৰ বাবে নিষেধাজ্ঞাৰ সন্মুখিন হোৱা ষ্টিভ স্মিথ বিশ্বৰ নজৰত দোষী হোৱাৰ লগতে নিজ ঘৰখনেও যেন ক্ষমা কৰা নাই৷
নিজ ঘৰ খনেও তেওঁক যে ক্ষমা কৰা সেই কথা স্পষ্ট হৈ পৰে পিতৃৰ কাৰ্যত৷ পিতৃয়ে পুত্ৰ স্মিথৰ ক্ৰিকেট খেলৰ সামগ্ৰী ঘৰৰ পৰা উলিয়াই গেৰেজত পেলাই দিয়ে৷ একপ্ৰকাৰ ক্ৰিকেটৰ সামগ্ৰী পেলাই দিয়ে পিতৃয়ে৷ আনহাতে পিতৃয়ে আশা কৰে পুত্ৰই দুখৰ দিন পাহৰি যাব পাৰিব৷