কোকৰাঝাৰঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আমোল পৰিৱৰ্তন হোৱা বুলি পৰিৱৰ্তনকামী চৰকাৰৰ বহু চৰ্চিত তথা দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি অহাৰ সময়তে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম উপস্বাস্থ্য কেন্দ্ৰৰ কোৱাৰ্টাৰত অনৈতিক কাৰ্যকলাপ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে৷ উপস্বাস্থ্য কেন্দ্ৰটোৰ কোৱাৰ্টাৰত অনৈতিক কাৰ্যকলাপ গঢ়ি উঠাৰ পৰিণতিতে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে।
উল্লেখ্য যে, ফকিৰাগ্ৰাম থানাৰ গাতে লাগি থকা উপস্বাস্থ্য কেন্দ্ৰটোৰ ২২ নং আৱাসগৃহত মনোৱাৰ ৰহমান নামৰ লোক এজনে অবৈধভাৱে দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ২২ নং আৱাসগৃহটোত দীৰ্ঘদিন ধৰি মদ, জুৱা আৰু নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছে বুলি অভিযোগ উত্থাপন হৈছে যদিও উপস্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতি আৰু আৰক্ষীয়ে চকু মুদা কুলিৰ ভাওঁ ধৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।