নগাঁওঃ কলিয়াব লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বুধবাৰে নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিত উপস্থিত হয়৷ সমষ্টিটোৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা কেইবাখনো সভাত অংশ লয়৷ সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছৰ নেতা-কৰ্মীৰ সৈতে মত বিনিময় কৰাৰ লগতে সাংসদ উন্নয়ণ পুঁজিৰ ৩২ লাখ টকাৰে ১০টা অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে৷
সাংসদগৰাকীয়ে ভাষণ কয় ‘‘আই ইউ ডি এফ দল বিজেপি আৰু আৰ এছ এছৰ চিক্ৰেট এজেন্ট৷ দলটোৱে কেৱল ব্যৱসায় কৰিবহে জানে৷ ব্যৱসায়ীক স্বাৰ্থত কাম-কাজ চলাই থকা দলটোৰ কোনো নীতি-আদৰ্শ নাই৷ ব্যৱসায়ীক মুনাফা লাভৰ বাবেই ৰাজনীতি কৰা এই দলটোৱে ৰাইজৰ উন্নয়নৰ কথা নাভাবে৷ সাংসদগৰাকীয়ে বটদ্ৰৱা সমষ্টিৰ জামুগুৰি-কুজিদাঁহ গাঁও পঞ্চায়তৰ নমাটিত ৰাজহুৱা ভৱন, নিজ হাতীচোং গাঁও পঞ্চায়তৰ ব্ৰাহ্মণগাঁৱত আনন্দৰাম ঢেকীয়াল ফুকন পুথিভঁৰাল আৰু খৌৰামুচৰ বুঢ়া নামঘৰৰ চাৰিসীমাৰ বেৰৰ আধাৰশিলা স্থাপন কৰে৷