লিডুঃ তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত পাহাৰপুৰৰ এগৰাকী নিৰীহ লোকক সেনাই হাৰাশাস্তি কৰি অস্ত্ৰ উদ্ধাৰৰ নাটকেৰে আটক কৰাৰ ঘটনাই চিন্তিত কৰিছে সীমান্তৰ থলুৱাক৷ নিৰীহ থলুৱা লোকক আটক কৰাৰ পিছতেই থলুৱা লোকে বাৰে বাৰে নিৰীহক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি সেনাৰ অত্যাচাৰৰ পাৰ কেতিয়া ৰেহাই পাম বুলি প্ৰশ্ন উত্থাপন কৰিছে৷
নিৰীহ লোকজনক NSCNৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আটক কৰে৷ কেউ কিছু নজনা হোজা লোকজনৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ অভিযোগক সহজেই লব পৰা নাই ৰাইজে৷ মিছা অভিযোগত নিৰীহ লোকজনক সেনাই উগ্ৰপন্থী সজাই আৰু অস্ত্ৰ উদ্ধাৰৰ নাটক ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালে৷