ওদালগুৰিঃ বৃহত্তৰ অসমীয়া জাতি নানা পৰম্পৰা, লোক-সংস্কৃতি, গীত-নৃত্যৰে চহকী৷ পৰম্পৰাগত খেল-ধেমালি, লোক-সংস্কৃতি, গীত-নৃত্যৰে চহকী অসম খন সদায় শুৱনি হৈ আছে৷ সাম্প্ৰতিক সময়ত অত্যাধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত আগ্ৰাসনে সকলোকে চেপি ধৰাৰ হেতু অসমীয়া সমাজত যুগ যুগ ধৰি প্ৰচলিত হৈ অহা বহু ৰীতি-নীতি তথা পৰম্পৰা আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে৷
তথাপিও কিছু পুৰণি পৰম্পৰাগত খেল-ধেমালি ঠায়ে ঠায়ে সংকটৰ মাজেৰে হ’লেও জীয়াই থকা পৰিলক্ষিত হৈছে৷ পুৰণি পৰম্পৰাগত নানা খেল গ্ৰাম্য অঞ্চলত আজিও খেলা দেখা যায়৷ ঠায়ে ভেদে এই আদিম পৰম্পৰা পালন কৰি অহা দেখা যায়৷