73
জয়সাগৰঃ যিসময়ত সমগ্ৰ দেশজুৰি স্বচ্ছ ভাৰত অভিযানক লৈ ব্যাপক প্ৰচাৰ চলাই থকা হৈছে সেই সময়তে শিৱসাগৰ পৌৰসভাৰ গুৰুত্বহীনতাৰ বাবেই চহৰখনৰ বিভিন্ন ঠাইত জাৱৰ-জোথৰেৰে ভৰি পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ চহৰ খনৰ একাংশ অঞ্চল চকুত পৰা নাই পৌৰসভাৰ কৰ্তৃপক্ষৰ।
কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছতা মিছন (নগৰীয়া) তথা শিৱসাগৰ নগৰখনৰ পৰিষ্কাৰ, সৌন্দৰ্য বৰ্ধনৰ দায়িত্বত থকা শিৱসাগৰ পৌৰসভাই চহৰ খনক পৰিষ্কাৰ কৰি ৰখাত বিফল হোৱাৰ অভিযোগ উত্থাপন হৈছে।