নগাঁওঃ বটদ্ৰৱাৰ ধৰ্ষণ কাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই পুনৰ জিলাখনত এটাৰ পাছত এটা যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিব ধৰিছে৷ এইবাৰ জিলাখনৰ হাতীযুজুৱাত পোহৰলৈ আহিছে নাবালিকাক ৪ মাহ আবদ্ধ কৰি যৌন নিৰ্যাতন চলোৱাৰ দৰে জঘণ্য ঘটনা।
ইতিমধ্যে হাতীযুজুৱাৰ পৰিয়ালটোৱে মঞ্জিৰুল ইছলাম নামৰ যুৱকজনৰ বিৰুদ্ধে জাজৰি থানাত এজাহাৰ দাখিল কৰিছে। জানিব পৰা মতে, প্ৰেমৰ অভিনয়ৰে এগৰাকী কিশোৰীক অপহৰণ কৰিছিল মঞ্জিৰুল নামৰ যুৱকজনে৷ যোৱা ৪ মাহে কিশোৰীগৰাকীক গোপন স্থানত ৰাখি চলাইছিল যৌন নিৰ্যাতন।